আমাৰ বিষয়ে

ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি । ই ভাষা এটাক খণ্ড খণ্ড কৰি, তাৰ গঠন আৰু গঠন-প্ৰণালীটোক ভাঙ্গি-ছিঙি ভিন ভিন কৰি দেখুৱাই দিয়ে, আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে।

"যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটোক ফালি-ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে।"
- সত্যনাথ বৰা

এই একে উদ্দেশ্য মনত ৰাখি সত্যনাথ বৰাদেৱ ৰচিত "বহল ব্যাকৰণ" ৰ আলমত এই অন্লাইন সংস্কৰণটি অআকখ গোটৰ সদস্যৰ দ্বাৰা লিখি উলিওৱা হৈছে। কিছু কিছু সময়ত পঢ়ুৱৈৰ ৰুচিকতাৰ বাবে আধুনিকতাৰ সংমিশ্ৰণো কৰা হৈছে।

অআকখ গোটৰ এই প্ৰচেষ্টাই নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাটি আৰু দ-কৈ বুজি পাবলৈ সহায় কৰিব বুলি আশা ৰাখিলোঁ।

অআকখ গোট
তাং – ২৮/০৫/২০১৪
মিচিগান, আমেৰিকা

যোগাযোগ

🌐 Website: oakokho.com
💬 WhatsApp: +1 (248) 841-0805