অব্যয় শব্দ
অব্যয় শব্দ
যিবিলাক শব্দৰ ৰূপ নলৰে আৰু বিভক্তি বচন বা লিঙ্গ নাই, সিহঁতক অব্যয় শব্দ বোলে ।
অব্যয় শব্দ মুঠ আঠ বিধ । সেইকেইটা হ'লঃ যোজক, পৃথকবোধক, সন্দেহবোধক, ভাববোধক, আনুষঙ্গিক, সম্বোধনাৰ্থক, প্ৰশ্নাৰ্থক আৰু সমিধানবোধক ।
উদাহৰণসমূহ
যোজক অব্যয় = আৰু
পৃথকবোধক অব্যয় = বা
সন্দেহবোধক অব্যয় = যদি
ভাববোধক অব্যয় = উঃ
আনুষঙ্গিক অব্যয় = সৈতে
সম্বোধনাৰ্থক অব্যয় = এ
প্ৰশ্নাৰ্থক অব্যয় = নে
সমিধানবোধক অব্যয় = ওঁ